Zubeen Garg Death: জুবিনৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীটৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ এদিনীয়ালৈ দিনটোৰ শীৰ্ষ খবৰ

Dec 06, 2025 | 10:05 PM

আজি ৬ ডিচেম্বৰ, শনিবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিনৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীটৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ এদিনীয়ালৈ দিনটোৰ ৯টা শীৰ্ষ খবৰ।

অহা ১২ ডিচেম্বৰত এছ আই টিয়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। সংবাদমেলযোগে এই কথা জনালে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। তেওঁ কয় যে মাত্ৰ এখনেই চাৰ্জশ্বীট দাখিল কৰা হ’ব। ইতিমধ্যে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে এছ আই টি। প্ৰায় ৩ শতাধিক লোকক এই ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিছিল এছ আই টিয়ে।

দক্ষিণ কামৰূপৰ পলাশবাৰীত বন্যহস্তীৰ মৃত্যু। কান্দুপুৰত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে। ঘটনাৰ খবৰ পাই সেই স্থানত উপস্থিত হয় বন বিভাগৰ লোক। স্থানীয় লোকৰ সহায়ত সেই স্থানতেই হাতীটোৰ শেষকৃত্য সম্পন্ন কৰা হয়। বিগত কিছুদিন ধৰি পলাশবাৰীৰ বিভিন্ন অঞ্চলত দেখা গৈছে বন্যহস্তীৰ মুক্ত বিচৰণ।

ধেমাজিত ভাৰতীয় খাদ্য নিগমৰ চাউল হৰণলুকীৰ অভিযোগ। গুদামৰ পৰাই নোহোৱা হ’ল প্ৰায় ২৬,৮০০ বস্তা চাউল। এই গুদামৰ তদাৰকীৰ দায়িত্বত আছিল ৰাকেশ দাস। প্ৰাথমিক তদন্তৰ পাছত ৰাকেশ দাসসহ ৫ গৰাকী কৰ্মচাৰীক নিলম্বনৰ নিৰ্দেশ।