Assam News: প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পৰা মহিলা ক্ৰিকেট বিশ্বকাপলৈকে শীৰ্ষ খবৰ
মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰিকলৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । চিন্তাৰ কাৰণ নাই, নাযায় চাকৰি ,বিপৰীতে বাঢ়িব দৰমহা । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ইয়াৰ লগতে চাওক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
গোৱালপাৰাৰ হাচিলা বিল ৰাজহ গাওঁত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ১৬০০ বিঘা ভূমি সামৰি আজিৰ পুৱাৰে পৰা ১৫ খন এক্সেভেটৰে চলোৱা হয় এই উচ্ছেদ । অঞ্চলটোত ৬৬৭টা পৰিয়ালৰ কথিত বেদখল মুক্ত কৰাৰ বাবে এই উচ্ছেদ অভিযান চলাই প্ৰশাসনে ।
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক পুনৰ সমালোচনা মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাগজে-কলমে থকা সাংসদ পুঁজিৰে নিৰ্মাণ হোৱা ৰাস্তা কেতিয়াও বিচাৰি নাপায় । সাক্ষ্য গ্ৰহণৰ পাছতে বিষয়টো আদালতলৈ প্ৰেৰণ কৰা হ’ব । সাংসদৰ পুঁজিকলৈ উত্থাপিত অভিযোগৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ।
মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰিকলৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । চিন্তাৰ কাৰণ নাই, নাযায় চাকৰি ,বিপৰীতে বাঢ়িব দৰমহা । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
ইয়াৰ লগতে চাওক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ