Assam Assembly Updates: অসম বিধান সভাৰ বিশেষ অধিবেশনৰ পৰা সোনমৰ কাহিনীলৈ দিনটোৰ শীৰ্ষ খবৰ
আজি অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ এদিনীয়া অধিবেশন । এই অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হয় । তাৰোপৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে গ্ৰহণ কৰা হয় কেবাটাও পদক্ষেপ । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...
আজি অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ এদিনীয়া অধিবেশন । এই অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হয় । তাৰোপৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে গ্ৰহণ কৰা হয় কেবাটাও পদক্ষেপ ।
অহা ৮ ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰা খেল পথাৰত অনুষ্ঠিত হ’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১০০ সংখ্য জন্ম জয়ন্তী । ১০০০ যুৱক-যুৱতীয়ে পৰিৱেশন কৰিব অসম আমাৰ ৰূপহী শীৰ্ষক গীতটি । ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হ’ব ।
বিদেশী বিতাড়নৰ বিষয়ক লৈ আজি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় অসম বিধানসভাত । এদিনীয়া বিশেষ বৈঠকত কংগ্ৰেছৰ লগতে কেবাগৰাকীও বিৰোধী বিধায়কে বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ সন্দৰ্ভত প্ৰশ্ন তোলে । ইয়াকে লৈ তীব্ৰ বাক-যুদ্ধ দেখা যায় ।
ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…