জুবিন ক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰী, একাংশই ৰাইজে দিয়া দান বৰঙণি হৰলুকী কৰাৰ অভিযোগ

Nov 22, 2025 | 7:11 PM

আনহাতে জুবিনক্ষেত্ৰ চাফ চিকুন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেহে এই সমিতি গঠন কৰা হৈছিল যিখন পূৰ্বৰ শ্মশান পৰিচালনা সমিতিৰ অন্তৰ্গত। চৰকাৰে আনুষ্ঠানিকভাৱে দায়িত্ব নোলোৱা পৰ্যন্ত স্থানীয় কেইবাখনো গাঁৱৰ লোকে একত্ৰিতভাৱে এই কাম পৰিচালনা কৰিব বুলি উল্লেখ কৰে। কোনো ব্যক্তিকে এই ক্ষেত্ৰত অথথা বিতৰ্ক নকৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।

সোণাপুৰ জুবিন ক্ষেত্ৰত সংবাদ মেল। এই সংবাদমেল সম্বোধন কৰিলে জুবিন ক্ষেত্ৰ চাফ চিকুন কৰা পৰিচালনা সমিতিয়ে। পূৰ্বৰ দায়িত্ব লোৱা নিৰ্দিষ্ট কেইগৰাকীমান নিৰ্দিষ্ট ব্যক্তিয়ে প্ৰণামীৰ দান- বৰঙণি হৰলুকী কৰাৰ অভিযোগ। পূৰ্বৰ ৪০ দিনত জমা দিয়া হৈছিল প্ৰায় ৪ লক্ষাধিক টকা আৰু এতিয়া দায়িত্ব লোৱা সমিতিয়ে ১৯ দিনত জমা দিলে ৪ লাখ টকা। সেয়ে ইয়াৰ উচিত তদন্তৰো দাবী উত্থাপন কৰে সংবাদমেলত।