২ বছৰ পাৰ হ’ল, এতিয়াও বজাৰত আছে প্ৰায় ৬০০০ কোটি টকাৰ ২০০০ৰ নোট!

Sep 09, 2025 | 7:04 PM

ৰিজাৰ্ভ বেংকে স্পষ্টকৈ উল্লেখ কৰিছে যে ২০০০ নোট এতিয়াও আইনগতভাৱে বৈধ। গতিকে, যদি এই নোটখন আপোনাৰ পৰা কেনেবাকৈ হেৰাই গৈছে, বা বিনিময় কৰা হোৱা নাই, তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

২০২৩ চনৰ ১৯ ​​মে’ত বজাৰৰ পৰা ২০০০ নোট ঘূৰাই লোৱাৰ কথা ঘোষণা কৰিছিল ভাৰতীয় ৰিজাৰ্ভ বেংকে। কিন্তু এতিয়া তেওঁলোকে দিয়া আন এটা তথ্যই অর্থনৈতিক বিশেষজ্ঞৰ চকু কপালত তুলিছে৷ এই তথ্য অনুসৰি বজাৰৰ পৰা ঘূৰাই লোৱাৰ ঘোষণাৰ ২ বছৰতকৈও অধিক সময়ৰ পাছতো প্ৰায় ৫,৯৫৬ কোটি টকাৰ ২০০০ টকীয়া নোট মানুহৰ হাতত আছে।