দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনৰ সফল সামৰণি, ৩৫ খন ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰীৰ অংশগ্ৰহণ

Jan 09, 2026 | 6:07 PM

উল্লেখ্য যে, এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধিয়ে।

সোণাপুৰত বস্ত্ৰ বিভাগৰ ৰাষ্ট্ৰীয় সন্মিলন। মে’ফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। ৮ আৰু ৯ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় সন্মিলন। দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বস্ত্ৰমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগৰ উত্তৰণ সন্দৰ্ভত মত বিনিময় কৰে। দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনৰ সফল সামৰণি পৰে।