টীয়কত দুৰ্ঘটনাত পতিত ভগামুখ আৰক্ষীৰ বাহন, থিতাতে নিহত OC সত্যন্দ্ৰ মালাকাৰ…
এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় আৰক্ষীৰ বাহন। এই ঘটনাৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে এজন আৰক্ষী বিষয়া আহত হয়।
টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন। ৫ জন আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাজী নদীত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যন্দ্ৰ মালাকাৰৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। উপ পৰিদৰ্শক মৰমী নাথ, স্থানীয় ব্যক্তি পৱন গগৈ, এজন কামণ্ড আৰু দুজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।
ইফালে গুৰুতভাৱে আহত আৰক্ষীকেইজনৰ লগতে স্থানীয় ব্যক্তি পৱন গগৈক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কি কাৰণে স্থানীয় লোকজন আৰক্ষীৰ বাহনত আছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই।