Pakistan-Afghanistan News: পাকিস্তানৰ বিৰুদ্ধে পোনপটীয়া যুদ্ধৰ বাবে সাজু আফগানিস্তান !

Nov 09, 2025 | 10:54 PM

তালিবান প্ৰশাসনৰ বিষয়াসকলে কয় যে, ইছলামাবাদে যেনেকৈ বাৰে বাৰে নিজৰ কথাত পিছুৱাই গৈছে, যেনেকৈ কাবুলৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা কৰিছে। তুৰস্ক আৰু কাটাৰৰ মধ্যস্থতাৰ প্ৰচেষ্টা সত্ত্বেও পাকিস্তান নিজেই নিজৰ বাধা হৈ পৰিছে।

আৰু নহয় কোনো ধৰণৰ শান্তিৰ আলোচনা ! পাকিস্তানৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামিব নেকি আফগানিস্তান? ইয়াৰে যেন ইংগিত দিছে তালিবানে। ইস্তানবুলত আফগানিস্তান-পাকিস্তান শান্তি আলোচনাত কোনো সমাধান নোহোৱাৰ পাছতে যুদ্ধংদেহি তালিবান শাসিত আফগানিস্তান। তালিবান প্ৰশাসনৰ বিষয়াসকলে কয় যে, ইছলামাবাদে যেনেকৈ বাৰে বাৰে নিজৰ কথাত পিছুৱাই গৈছে, যেনেকৈ কাবুলৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা কৰিছে। তুৰস্ক আৰু কাটাৰৰ মধ্যস্থতাৰ প্ৰচেষ্টা সত্ত্বেও পাকিস্তান নিজেই নিজৰ বাধা হৈ পৰিছে।

সঘনাই ৰং সলনি কৰা পাকিস্তানক এক শক্তিশালী বাৰ্তা দিছে আফগানিস্তানে। তালিবান চৰকাৰৰ প্ৰতিনিধি জাবিহুল্লাহ মুজাহিদে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “আলোচনাৰ মধ্যস্থতা কৰাৰ বাবে তুৰস্ক আৰু কাটাৰ, দুখন দেশক ধন্যবাদ। আফগান প্ৰতিনিধিয়ে ৬-৭ নৱেম্বৰত আলোচনাত আত্মবিশ্বাসেৰে অংশগ্ৰহণ কৰিছিল।

আশাত কৰা হৈছিল যে, পাকিস্তানে বিষয়টোক গুৰুত্বসহকাৰে আৰু গঠনমূলকভাৱে চাব। কিন্তু পাকিস্তানে পুনৰবাৰ নিজৰ দায়িত্বহীন আৰু অসহযোগী মনোভাৱ দেখুৱাইছে। ই নিৰাপত্তাৰ সকলো দায়িত্ব আফগান চৰকাৰৰ কান্ধত তুলি দিব বিচাৰিলে। একে সময়তে আফগানিস্তান বা নিজৰ দেশৰ নিৰাপত্তাৰ কোনো দায়িত্ব লোৱাৰ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই।”