Loading video

Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

| Apr 06, 2025 | 11:36 PM

প্ৰতিবছৰে বেলতলাত আয়োজন কৰা হয় ব’হাগী উৎসৱ। চলিত বৰ্ষত ১০, ১১, ১২ ব’হাগত তিনিদিনীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ ৷ ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি। বিহুৰ মঞ্চত সংগীতানুষ্ঠান কৰিবলৈ সাজু কণ্ঠশিল্পীসকল। কিন্তু একাংশই দাবী জনাই আহিছে যে বিহু মঞ্চত হিন্দী গীত গাব নোৱৰিব কণ্ঠশিল্পীসকলে। ইয়াৰ মাজতে বেলতলা ব’হাগী উৎসৱ সমিতিৰ সিদ্ধান্ত ৰঙালীৰ মঞ্চত কেৱল জুবিন গাৰ্গে হিন্দী গীত পৰিৱেশন কৰিব পাৰিব। এই আজৱ সিদ্ধান্তৰ পিছতে বিহু কেন্দ্ৰিক এক বিতৰ্কই গা কৰি উঠিছে।

প্ৰতিবছৰে বেলতলাত আয়োজন কৰা হয় ব’হাগী উৎসৱ। চলিত বৰ্ষত ১০, ১১, ১২ ব’হাগত তিনিদিনীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এইবাৰ বেলতলাত গীত পৰিৱেশন কৰিব কনিকা ভট্টাচাৰ্য, প্ৰিয়ংকা ভৰালী, জুবলী বৰুৱা, ৰূপালী কাশ্যপ, জুবিন গাৰ্গে। ইয়াৰোপৰি বিহুৰ পূৰ্বে জুবিন গাৰ্গলৈ এই বৰ্ষৰ সৰ্বোচ্চ সন্মান ড° ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা সিদ্ধান্ত লোৱা হৈছে।

লগতে চাওক দেশ-বিদেশৰ আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ।