পলকতে চাওক দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ

Aug 02, 2025 | 10:10 PM

বিটিচি নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টত প্ৰশাসনৰ বুলড’জাৰ। ইয়াৰ উপৰিও চাওক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...

পঞ্চম দিনাও উৰিয়ামঘাটত অব্যাহত আছে উচ্ছেদ অভিযান। বৰ্তমানলৈকে বেদখলমুক্ত কৰা হৈছে প্ৰায় ১১০০ হেক্টৰ ভূমি। প্ৰায় ৩৬০০ একৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ। বিটিআৰত নিৰ্বাচনী ৰণদংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কলাইগাঁও আৰু খালিং দুৱাৰত দুখনকৈ জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

বিটিচি নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টত প্ৰশাসনৰ বুলড’জাৰ। পুৱাৰে পৰা বিশাল বাহিনী লৈ বন বিভাগ আৰু ডিমৰীয়া সমজিলা প্ৰশাসনে এফালৰ পৰা ভাঙি গ’ল অবৈধভাৱে নিৰ্মাণ কৰা ৰিজ’ৰ্ট। গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় তাৰকা গোবিন্দা আৰু জন আব্ৰাহম। ইয়াৰ উপৰিও চাওক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…