মোদীৰ চীন ভ্ৰমণৰ পৰা হামিদাৰ বিৰুদ্ধে এজাহাৰলৈ… দিনটোৰ শীৰ্ষ খবৰ

| Aug 30, 2025 | 11:03 PM

অমিত শ্বাহে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। শুকুৰবাৰে অসমত কেবাটাও অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল অমিত শ্বাহে।

অসমত আহি বাংলাদেশীৰ সপক্ষে মন্তব্য কৰা ছৈয়দা হামিদৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ। ১৬ খন জিলাত দলটোৰ নেতৃত্বই অভিযোগ দাখিল কৰিছে হামিদাৰ বিৰুদ্ধে। অসম বিৰোধী তথা সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত হামিদাক গ্ৰেপ্তাৰৰ দাবী অজাপৰ।  অমিত শ্বাহে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। শুকুৰবাৰে অসমত কেবাটাও অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল অমিত শ্বাহে। তাৰ পাছতেই কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে এক সংবাদমেলত কয় যে অমিত শ্বাহে অসমক বানমুক্ত কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে।

২০২৭ বৰ্ষত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। প্ৰায় ১৮ মাহ অসমত ৰখা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই অনুপম সৃষ্টিক। অসমৰ ৰাইজে স্বচক্ষে বৃন্দাবনী বস্ত্ৰ প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিব। এই বস্ত্ৰ ৰখাৰ বাবে অসম চৰকাৰে এটা কলা সংগ্ৰহলায় স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।