জুবিন গাৰ্গৰ অসমমুখী যাত্ৰা… পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক’ত হ’ব তাকে লৈ ইতিমধ্যে ব্যাপক চৰ্চা দেখা গৈছে। বহুতেই অৱশ্যে যোৰহাটত জুবিন গাৰ্গক সমাধিস্থ কৰিবলৈও আহ্বান জনাইছে। অসম কৃষি বিশ্ববিদ্যালয়েও জুবিন গাৰ্গৰ সমাধিৰ বাবে মাটি দান কৰিবলৈ সাজু হৈছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
১. জুবিন গাৰ্গক হেৰুৱাই শোকবিহ্বল অসমত এতিয়া মৰিশালিৰ নিস্তব্ধতা। আজি ছিংগাপুৰত সম্পন্ন কৰা হয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। প্ৰাৰম্ভিক প্ৰতিবেদনত কোনো চিজাৰ এৰেষ্টৰ কথা স্পষ্ট হোৱা নাই। পানী ডুবি যোৱাৰ ফলতহে মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ। একাংশই দাবী কৰা অনুসৰি অসমত খবৰ দিয়াৰ প্ৰায় ৭-৮ ঘণ্টাৰ পূৰ্বেই মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ। এই ক্ষেত্ৰত তথ্য লুকুওৱাৰো অভিযোগ বহুতৰ। অসম চৰকাৰে আজিৰে পৰা ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা কৰিছে। ইফালে জুবিন গাৰ্গক আমিবলৈ দিল্লীলৈ ৰাওনা হৈছে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লীৰ পৰা বিশেষ বিমানেৰে তেওঁ নশ্বৰ দেহ অসমলৈ অনা হ’ব।
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক’ত হ’ব তাকে লৈ ইতিমধ্যে ব্যাপক চৰ্চা দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে পৰিয়ালৰ সৈতে আলোচনাৰ পাছত সিদ্ধান্তমৰ্মেহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব এই সন্দৰ্ভত। বহুতেই অৱশ্যে যোৰহাটত জুবিন গাৰ্গক সমাধিস্থ কৰিবলৈও আহ্বান জনাইছে। অসম কৃষি বিশ্ববিদ্যালয়েও জুবিন গাৰ্গৰ সমাধিৰ বাবে মাটি দান কৰিবলৈ সাজু হৈছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…