আইনৰ ওপৰত আস্থা ৰাখকঃ কোকৰাঝাৰৰ ঘটনা সন্দৰ্ভত IGP অখিলেশ সিঙৰ আহ্বান
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এইপৰ্যন্ত ১৯ জন লোকৰ আটক কৰা হৈছে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে। লগতে সকলোকে আইনৰ ওপৰত আস্থা ৰাখি আইন-শৃংখলা হাতত তুলি নল’বলৈ আহ্বান জনায়।
দুজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰা কোকৰাঝাৰ জিলাত বৰ্তমান পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণাধীন হৈছে। অৱশ্যে স্পৰ্শকাতৰ অঞ্চলসমূহত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে। যোৱা নিশাৰে পৰা জিলাখনৰ বিভিন্ন সংঘাতপূৰ্ণ আৰু স্পৰ্শকাতৰ স্থানত ভাৰতীয় সেনাই তহল দিছে। শান্তি-শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। কোকৰাঝাৰৰ এই ঘটনা সন্দৰ্ভত জনসাধাৰণলৈ বিশেষ আহ্বান জনাইছে IGP অখিলেশ সিঙে।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এইপৰ্যন্ত ১৯ জন লোকৰ আটক কৰা হৈছে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে। লগতে সকলোকে আইনৰ ওপৰত আস্থা ৰাখি আইন-শৃংখলা হাতত তুলি নল’বলৈ আহ্বান জনায়। আৰক্ষী বিষয়াগৰাকী কোকৰাঝাৰৰ পৰিস্থিতিক লৈ কি ক’লে, চাওক ভিডিঅ’…
