কণ্ঠশিল্পী ঋষভ টণ্ডনৰ অকাল মৃত্যু, শোকস্তব্ধ অনুৰাগী…
Rishab Tandon: জনপ্ৰিয় কণ্ঠশিল্পী ঋষভ টণ্ডনৰ অকাল মৃত্যু। মাত্ৰ ৩৫ বছৰ বয়সতে তেওঁ এই সংসাৰৰ পৰা বিদায় মাহে। শিল্পীগৰাকীৰ মৃত্যুত অনুৰাগীসকলৰ মাজত শোকৰ ছা পৰিছে।
জনপ্ৰিয় কণ্ঠশিল্পী ঋষভ টণ্ডনৰ অকাল মৃত্যু। হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁ মৃত্যুক সাৱতে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৫। আজিৰ পৰা কিছুদিন পূৰ্বে ঋষভে জন্মদিন উদযাপন কৰিছিল। কিন্তু ২২ অক্টোবৰত তেওঁৰ অকাল মৃত্যু হয়। জানিব পৰা মতে, মুম্বাইত বাস কৰা ঋষভে দেৱালীৰ বাবে দিল্লীৰ পৰিয়ালৰ ওচৰলৈ আহিছিল। কিন্তু তেতিয়াই তেওঁৰ মৃত্যু হয়।
ঋষভে বহু গীত ৰচনাও কৰিছে। ইমানেই নহয়, তেওঁ ছবিতো অভিনয় কৰিছিল। কিছুদিন পাছত ঋষভে বিদেশত অনুষ্ঠান কৰাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বে তেওঁ মৃত্যুক সাৱতে।
তেওঁৰ পত্নীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰিছে। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া তেওঁৰ অনুৰাগীসকলৰ মাজত শোকৰ ছা পৰিছে। বিভিন্নজনে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।