Gold Price: গুৱাহাটীৰ বজাৰত সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন, কি কৈছিল বিশেষজ্ঞই…
ধনতেৰাচৰ পিছত বিশেষজ্ঞসকলৰ আশংকা সঁচা হৈ সোণৰ দাম কমিবলৈ ধৰিলে। PACE 360ৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য গ্লোবেল ষ্ট্ৰেটেজিষ্ট অমিত গোৱালে পূৰ্বে ভৱিষ্যদ্বাণী কৰিছিল যে, ভৱিষ্যতে সোণৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাব আৰু এই মূল্য ৭৭ হাজাৰলৈও হ্ৰাস পাব পাৰে।
এটা সময়ত সোণৰ দাম দ্ৰুতগতিত বৃদ্ধি পাইছিল। সোণৰ বৃদ্ধি দেখি সোণত বিনিয়োগ কৰিছিল সাধাৰণ বিনিয়োগকাৰীয়ে। ইয়াৰ উপৰিও বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকেও যথেষ্ট সোণ ক্ৰয় কৰে। এই সকলোবোৰ কাৰণতে সেই সময়ত সোণৰ দামত বৃহৎ বৃদ্ধি দেখা গৈছিল। আৰু ধনতেৰাচৰ পিছত বিশেষজ্ঞসকলৰ আশংকা সঁচা হৈ সোণৰ দাম কমিবলৈ ধৰিলে।
PACE 360ৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য গ্লোবেল ষ্ট্ৰেটেজিষ্ট অমিত গোৱালে পূৰ্বে ভৱিষ্যদ্বাণী কৰিছিল যে, ভৱিষ্যতে সোণৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাব আৰু এই মূল্য ৭৭ হাজাৰলৈও হ্ৰাস পাব পাৰে। তাৰ পিছতে সোণৰ দাম যেন প্ৰতিদিনে তীব্ৰ গতিত কমি আহিছে সোণৰ দাম। ২৮ অক্টোবৰত গুৱাহাটীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ৮২০ টকা হ্ৰাস পায়। ৰূপৰ দামো হ্ৰাস পাইছে।