চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, জানক…

| Aug 31, 2025 | 7:54 PM

প্ৰতিমাহে বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু চৰকাৰে একাধিক নিয়ম সলনি কৰে। সাধাৰণ জনতাৰ বাবে সেই সকলোবোৰ নিয়ম জনাটো প্ৰয়োজনীয়, অন্যথা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই ছেপ্টেম্বৰ মাহৰ পৰা এনে একাধিক নিয়ম সলনি হ'ব।

সোমবাৰৰ পৰা আৰম্ভ হ’ব ছেপ্টেম্বৰ। প্ৰতিমাহে বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু চৰকাৰে একাধিক নিয়ম সলনি কৰে। সাধাৰণ জনতাৰ বাবে সেই সকলোবোৰ নিয়ম জনাটো প্ৰয়োজনীয়, অন্যথা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই ছেপ্টেম্বৰ মাহৰ পৰা এনে একাধিক নিয়ম সলনি হ’ব। সেইবোৰ কি জানি লওক-

আয়কৰ দাখিলৰ শেষ তাৰিখ আছিল ৩০ জুলাই।আয়কৰ বিভাগে সেই সময়সীমা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিলে।কৰদাতাসকলৰ বাবে এইটো আছিল এক ডাঙৰ সুবিধা। সেই সময়সীমা এই ছেপ্টেম্বৰ মাহতে শেষ হ’ব৷ যিসকলে এতিয়াও আয়কৰ দাখিল কৰা নাই, তেওঁলোকে ১৫ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী যিসকল ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (এনপিএছ)ৰ অধীনত আছে, তেওঁলোকে ইচ্ছা কৰিলে ইউনিফাইড পেঞ্চন আঁচনি (UPS)লৈ যাব পাৰে।