গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা দিল্লীত কংগ্ৰেছৰ বৈঠকলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

May 31, 2025 | 12:00 AM

গুৱাহাটীত কৃত্ৰিম বানৰ ফলত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ। আজি হঠাতে পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ। কালিৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন ঠাইত উদ্ভৱ হৈছে কৃত্ৰিম বানৰ। মহানগৰীৰ ৰাজপথত একাঁঠুৰ পৰা একঁকাল পৰ্যন্ত পানী হোৱা দেখা গৈছে। বানৰ প্ৰকোপত যোৰাবাটত ৰাজপথতে চলিছে নাও।

সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পাছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰে আজি দিল্লীত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশলকলৈ বৈঠকত প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ সৈতে কেন্দ্ৰীয় নেতৃত্বই বিশদভাৱে আলোচনা কৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

চাওঁ আহক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ…