সাগৰ তলিত অন্বেষণ কৰিবলৈ যোৱাৰ পূৰ্বে জানি লওক এই কেইটা তথ্য

Sep 20, 2025 | 9:43 PM

Scuba diving: স্কুবা ডাইভিং কৰাৰ পূৰ্বে কিছু সতৰ্কতা আৰু নিয়ম মানি চলিব লাগে। যদি সেয়া কৰা নহয়, তেন্তে মৃত্যু অৱশ্যাম্ভৱী।

ভ্ৰমণ দুঃসাহসিক কাৰ্যকলাপৰ প্ৰতি আকৃষ্ট বহুতেই পাহাৰতকৈ সাগৰত অন্বেষণৰ থলী হিচাপে বাচি লয়। বৰ্তমান সময়ত স্কুবা ডাইভিং এক বহু সমাদৃত দুঃসাহসিক কাৰ্যকলাপত পৰিণত হৈছে। কিন্তু স্কুবা ডাইভিং কৰাৰ পূৰ্বে কিছু সতৰ্কতা আৰু নিয়ম মানি চলিব লাগে। যদি সেয়া কৰা নহয়, তেন্তে মৃত্যু অৱশ্যাম্ভৱী।

যেনেকৈ ১৯ ছেপ্টেম্বৰত অসমে হেৰুৱালে অমূল্য ৰত্ন জুবিন গাৰ্গক। যদি আপুনি স্কুবা ডাইভিং কৰিব খোজে, তেন্তে বহুকেইটা দিশৰ বিষয়ে মনত ৰখা উচিত।

প্ৰথমবাৰ স্কুবা ডাইভিং কৰাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে?

আগেয়ে স্বাস্থ্য পৰীক্ষা কৰক- যিসকল ব্যক্তিৰ এজমা, হৃদৰোগ বা শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে, তেওঁলোকে স্কুবা ডাইভিং কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

সঠিক প্ৰশিক্ষণ- প্ৰতিটো স্কুবা ডাইভিং কেন্দ্ৰত প্ৰি-ডাইভ চেশ্যন অনুষ্ঠিত হয়। যন্ত্ৰপাতিৰ ব্যৱহাৰ, হাতৰ সংকেত, উশাহ লোৱাৰ কৌশল ভালদৰে শিকি ল’ব লাগে।

অভিজ্ঞ প্ৰশিক্ষকৰ সহায় লওক– প্ৰথমবাৰৰ বাবে কেতিয়াও অকলে ডাইভ কৰা উচিত নহয়। প্ৰশিক্ষকৰ নিৰ্দেশনা মানি চলাটো গুৰুত্বপূৰ্ণ।

সঠিক সঁজুলি ব্যৱহাৰ কৰক – ডাইভ আৰম্ভ কৰাৰ আগতে পৰীক্ষা কৰক যে মাস্ক, ফিন, অক্সিজেন টেংক, সকলো সঠিকভাৱে পিন্ধা হৈছে নে নাই।

পানীৰ প্ৰতি থকা ভয়ক অতিক্ৰম কৰক – নতুনকৈ ডাইভ কৰা সকলে পানীত নামিলে প্ৰায়ে অস্থিৰ হৈ পৰে। বৰঞ্চ শান্ত হৈ থকা উচিত। স্বাভাৱিকভাৱে উশাহ লওক।

এটা নিৰ্দিষ্ট গভীৰতাত থাকক – প্ৰশিক্ষকে আপোনাক যাবলৈ কোৱা স্তৰতকৈ গভীৰলৈ যাবলৈ চেষ্টা কৰাটো উচিত নহয়।

হাতৰ সংকেত মুখস্থ কৰক – পানীৰ তলত কথা পতা সম্ভৱ নহয়, গতিকে সংকেতৰ জৰিয়তে কেনেকৈ যোগাযোগ কৰিবলৈ শিকিব লাগে।

মদ আৰু গধুৰ খাদ্য পৰিহাৰ কৰক – ডাইভৰ আগতে কেতিয়াও মদ খাব নালাগে বা তেলযুক্ত আৰু টেঙা খাদ্য খাব নালাগে,। কিয়নো ইয়াৰ ফলত শৰীৰৰ সমস্যা হ’ব পাৰে।

পৰিৱেশৰ প্ৰতি দায়বদ্ধ হওক – সাগৰীয় প্ৰাণী বা প্ৰবাল প্ৰাচীৰ স্পৰ্শ কৰিবলৈ চেষ্টা নকৰিব।