জুবিন গাৰ্গে অধ্যয়ন কৰা বিজনী আৰু তামোলপুৰস্থিত স্কুলত কোনো অভাৱ হ’ব নালাগে: হাগ্ৰামা মহিলাৰী

| Nov 18, 2025 | 4:59 PM

ইয়াৰ পিছত হাগ্ৰামা মহিলাৰীয়ে কয়, জুবিন গাৰ্গে অধ্যয়ন কৰা বিজনী আৰু তামোলপুৰস্থিত স্কুলত কোনো অভাৱ হ'ব নালাগে। বিজনী আৰু তামোলপুৰৰ স্কুলৰ আন্ত:গাঁথনি উন্নয়ন কৰা হ'ব । জুবিন গাৰ্গ মোৰ অন্যতম বন্ধু আছিল। গতিকে বন্ধু জুবিনৰ নামত নিৰ্মিত হবলগীয়া পাৰ্কখন আটকধুনীয়া কৰি গঢ়ি তোলা হ'ব ।

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। যদিও শিল্পীজন আমাৰ মাজত নাই তথাপিও সকলোৱে পালন কৰিছে এই দিনটো। আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰক্তদান কৰে হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ পিছত জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন আৰু গছপুলি ৰোপন কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, ‘৩০ বিঘা মাটিত ২৫- ৩০ কোটি ব্যয় সাপেক্ষে নিৰ্মান হ’ব পাৰ্ক , সুন্দৰভাৱে নিৰ্মান কৰা হ’ব পাৰ্কখন। বিটিচিত ড° ভূপেন হাজৰিকাৰ নামতো প্ৰতিমূৰ্তি নিৰ্মান কৰা হ’ব। গোসাঁইগাঁওত শংকৰদেৱৰ নামতো ভৱন নিৰ্মান কৰা হ’ব ।’

ইয়াৰ পিছত হাগ্ৰামা মহিলাৰীয়ে কয়, জুবিন গাৰ্গে অধ্যয়ন কৰা বিজনী আৰু তামোলপুৰস্থিত স্কুলত কোনো অভাৱ হ’ব নালাগে। বিজনী আৰু তামোলপুৰৰ স্কুলৰ আন্ত:গাঁথনি উন্নয়ন কৰা হ’ব । জুবিন গাৰ্গ মোৰ অন্যতম বন্ধু আছিল। গতিকে বন্ধু জুবিনৰ নামত নিৰ্মিত হবলগীয়া পাৰ্কখন আটকধুনীয়া কৰি গঢ়ি তোলা হ’ব ।