নিজকে বহুত ধুনীয়া বুলি ভাবে: কিয় এইদৰে কৈছিল ছলমানে?
প’ডকাষ্টত হিমানীয়ে কয় যে, যেতিয়া তেওঁলোকৰ প্ৰেমৰ শিখৰত উপনীত হৈছিল, তেতিয়া ছলমানে প্ৰায় প্ৰতি নিশাই ঐশ্বৰ্যৰ চেটলৈ আহিছিল আৰু পিছদিনা ৰাতিপুৱা ঘূৰি গৈছিল। কিন্তু এই গভীৰ প্ৰেম অৱশেষত অত্যন্ত ‘পজেচিভ’ আচৰণলৈ পৰিণত হয়, যিটো অজ্ঞাত নহয়।
এসময়ত ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্চন বলীউডৰ আটাইতকৈ চৰ্চিত যুটী আছিল। তেওঁলোকৰ প্ৰেমৰ কাহিনী আৰম্ভণি হৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ক্লাছিক ছবি ‘হম দিল দে চুকে চনম’ৰ চেটত। কিন্তু সেই প্ৰেমৰ স্থায়িত্ব অতি কম সময়ৰ বাবে আছিল। শেহতীয়াকৈ এটা প’ডকাষ্টত অভিনেত্ৰী হিমানী শিৱপুৰীয়ে প্ৰাক্তন যুটীটোৰ মাজত থকা কঠিন সম্পৰ্কৰ বিষয়ে কিছু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।
প’ডকাষ্টত হিমানীয়ে কয় যে, যেতিয়া তেওঁলোকৰ প্ৰেমৰ শিখৰত উপনীত হৈছিল, তেতিয়া ছলমানে প্ৰায় প্ৰতি নিশাই ঐশ্বৰ্যৰ চেটলৈ আহিছিল আৰু পিছদিনা ৰাতিপুৱা ঘূৰি গৈছিল। কিন্তু এই গভীৰ প্ৰেম অৱশেষত অত্যন্ত ‘পজেচিভ’ আচৰণলৈ পৰিণত হয়, যিটো অজ্ঞাত নহয়। সম্পৰ্কৰ তিক্ততা যেতিয়া তুংগত উঠিছিল, তেতিয়া এটা অপ্ৰীতিকৰ ঘটনা ঘটিছিল। হিমানী শিৱপুৰীয়ে স্মৰণ কৰি কয় যে, ঐশ্বৰ্যই অভিষেক বচ্চনৰ সৈতে ৰোহন চিপ্পীৰ প্ৰজেক্টত শ্বুটিং কৰিছিল। সেই সময়ত হঠাৎ তাত উপস্থিত হৈ ছলমানে ঐশ্বৰ্যৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে।