ৰূপহীহাটৰ ভকতগাঁৱত প্ৰশাসনৰ উচ্ছেদ, মাটিত বাগৰি বাগৰি কান্দোন উচ্ছেদিতৰ

| Dec 05, 2025 | 1:20 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ মাজতে আজি ৰূপহীহাটত চলে প্ৰশাসনৰ উচ্ছেদ। এই অভিযানত কেইবাটাও বাসগৃহ ভাঙি পেলোৱা হয়। যাৰ বাবে উচ্ছেদিতই কান্দি কান্দি চৰকাৰক মাটি বিচাৰে।

পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ, বাসগৃহত চলিল বুলড’জাৰ। ৰূপহীহাটৰ ভকতগাঁৱত প্ৰশাসনে উচ্ছেদ অভিযান চলায়। তাৰ পাছতেই উচ্ছেদিতসকলে মাটিত বাগৰি বাগৰি কান্দি মাটি দিবলৈ চৰকাৰক আহ্বান জনায়। জানিব পৰা মতে, এইসকল লোকে ৩৫ বছৰৰ পৰা বসবাস কৰিছিল ভকতগাঁৱৰ চৰকাৰী ভূমিত। কিন্তু আজি প্ৰশাসনে ভাঙি দিলে বাসগৃহ ,যাৰ কাৰণে মাটিত বাগৰি বাগৰি কান্দোনত ভাগি পৰিল উচ্ছেদিত মহিলাই।

তেওঁলোকে কয় যে, আমাক মাৰি পেলাওক। আমাৰ যাবলৈ ঠাই নাই, মোৰ মা দেউতা কোনো নাই। লোকৰ ঘৰত কাম কৰি ঘৰখন বনাইছিলো। কিন্তু আজি চৰকাৰে উচ্ছেদ কৰিলে। চৰকাৰক মাটি দিবলৈ কান্দি কান্দি আহ্বান জনালে উচ্ছেদিত মহিলাই। উল্লেখ্য যে, উচ্ছেদিতসকলে দীৰ্ঘদিন ধৰি এই ভূমিত বাস কৰি আহিছিল।

সবিশেষৰ বাবে চাওক ভিডিঅ’…