অভিষেকৰ পূৰ্বে কাৰ সৈতে গোপনে বিয়া হৈছিল ঐশ্বৰ্য ৰায়ে?

| Aug 11, 2025 | 7:47 PM

অভিনেতা ছলমান খান আৰু অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ এসময়ৰ প্ৰেমৰ সম্পৰ্কৰ কথা কোনে জানে। পিছে বহুতে দাবী কৰে যে তেওঁ ছলমান খানৰ সৈতে গোপনে বিয়াত বহিছিল।

অভিনেতা ছলমান খান আৰু অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সম্পৰ্কক লৈ চৰ্চাৰ অন্ত নাই। এসময়ত থকা দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ কথা সকলোৱে জানে। পিছে এনে এক খবৰো প্ৰকাশ পাইছিল যিয়ে আচৰিত কৰি তুলিব আপোনাক। খবৰ ওলাইছিল যে, ১৯৯৯ চনত ছলমান আৰু ঐশ্বৰ্য ৰায়ৰ সম্পৰ্ক আৰম্ভ হোৱাৰ পাছত তেওঁলোকে গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে ছলমান খান আৰু ঐশ্বৰ্য ৰায়ে এতিয়ালৈকে এই সন্দৰ্ভত স্পষ্টকৈ একো কোৱা নাই। বহুতে দাবী কৰিছিল যে, ছলমানৰ সৈতে গোপনে বিবাহত বহিছিল ঐশ্বৰ্য ৰায়, আনকি তেওঁ ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল।

এবাৰ এই বিষয় সন্দৰ্ভত ঐশ্বৰ্য ৰায়ে কৈছিল যে”এনে হোৱা হ’লে ইণ্ডাষ্ট্ৰীৰ কোনোৱে গম নাপাবনে? এইটো ইমান সৰু উদ্যোগ। মাৰ দুৰ্ঘটনাৰ পিছত মই তেওঁৰ লগত সময় কটাব পৰা নাছিলো। আৰু আপুনি সঁচাকৈয়ে ভাবেনে যে মই বিয়াৰ দৰে ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিম!”