নিৰ্বাচনত পৰাজয়! লালুৰ সৈতে সকলো সম্পৰ্ক ছেদ কন্যাৰ…
Lalu Prasad yadav: ৰাজনীতিত থাকিলে সকলোৱে ক্ষমতা বিচাৰে। কিন্তু এই ক্ষমতা আজি আছে, কাইলৈ নাই। আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ সৈতেও যেন এয়াই হৈছে। প্ৰথমে গাদী আৰু এতিয়া আত্মীয়ক হেৰুৱাইছে।
ক্ষমতা! ৰাজনীতিত ক্ষমতা কাকনো নালাগে! কিন্তু এই ক্ষমতা আজি আছে কাইলৈ নাই। এসময়ৰ প্ৰতাপী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ সৈতেও যেন একেই হৈছে। প্ৰথমে গাদী আৰু এতিয়া এজনৰ পাছত আনজন আত্মীয়ই তেওঁৰ লগ এৰিছে। শেহতীয়াকৈ কন্যা ৰোহিনী আচাৰ্যই পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছে। এই সন্দৰ্ভত সামাজিক মাধ্যমক এক বিশেষ পোষ্ট দিছে ৰোহিনীয়ে।
উল্লেখ্য যে, এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনত আৰ জে ডিয়ে চৰম বিপৰ্যয়ৰ সন্মুখীন হয়। ইয়াৰ পাছতে খবৰ আহিছে যে, লালু প্ৰসাদৰ কন্যাই ৰাজনীতি আৰু পৰিয়াল ত্য়াগ কৰে। ইয়াৰ পূৰ্বে লালুই তেওঁৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিছিল লগতে দলৰ পৰাও বাহিৰ কৰি দিছিল।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
