ChatGPTক আচলতে কি কি কামত ব্যৱহাৰ কৰা হৈছে? জানিলে হ’ব আচৰিত

| Sep 19, 2025 | 11:20 PM

এক অধ্যয়ন মতে বিশ্বৰ কোটি কোটি লোকে নিজা প্ৰয়োজন অনুসাৰে ChatGPT ব্যৱহাৰ কৰে। কিন্তু ক’ডিঙৰ দৰে জটিল কামৰ বাবে এই প্ৰযুক্তিৰ ব্যৱহাৰ আশ্চৰ্যকৰভাৱে যথেষ্ট কম। পিছে কি কামত অধিক হাৰত এই ChatGPT ব্যৱহাৰ হয়!

বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (AI)- ৰ ভূমিকাৰ কথা বহলাই কোৱাৰ প্ৰয়োজন নাই। প্ৰযুক্তিৰ এই অভিনৱ সংযোজনে বৰ্তমান বহু দিশত মানুহৰ জীৱন সহজ কৰি তুলিছে। কাৰ্যালয়ৰ কাৰিকৰী দিশৰ কাম সহজ কৰি তোলাৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় তথ্য সংগ্ৰহলৈ সকলো দিশতে AIৰ ব্যৱহাৰ কৰা হয়। কিন্তু এই AI আটাইতকৈ বেছি কি কামত ব্যৱহাৰ কৰা হৈছে জানেনে? শেহতীয়াকৈ প্ৰকাশ পোৱা এক অধ্যয়নত ChatGPTৰ ব্যৱহাৰ সন্দৰ্ভত কিছু তথ্য প্ৰকাশ পাইছে।

OpenAI আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ যৌথ অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য। এই অধ্যয়ন মতে বিশ্বৰ কোটি কোটি লোকে নিজা প্ৰয়োজন অনুসাৰে ChatGPT ব্যৱহাৰ কৰে। কিন্তু ক’ডিঙৰ দৰে জটিল কামৰ বাবে এই প্ৰযুক্তিৰ ব্যৱহাৰ আশ্চৰ্যকৰভাৱে যথেষ্ট কম। পিছে কি কামত অধিক হাৰত এই ChatGPT ব্যৱহাৰ হয়!