আজি মুখ্যমন্ত্ৰীক দিব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দাখিল কৰা হ'ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন। সংবাদ মাধ্যমক এই কথা অৱগত কৰিছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই।
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দাখিল কৰা হ’ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন। সংবাদ মাধ্যমক এই কথা অৱগত কৰিছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই। কেইবা লানি আলোচনাৰ অন্তত দাখিল কৰা হ’ব এই প্ৰতিবেদন। অতুল বৰাই জনোৱা মতে, আজি সন্ধিয়া ৬ বজাত এক আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা। কিন্তু প্ৰতিবেদনৰ সন্দৰ্ভত বিশেষ কোৱাৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী।
