ডিজিটেল পেমেণ্টৰ বাবে RBI-এ প্ৰৱৰ্তন কৰিব কঠোৰ নিয়ম

Sep 28, 2025 | 9:52 PM

সকলো পেমেণ্ট চিষ্টেম প্ৰদানকাৰী আৰু পেমেণ্ট চিষ্টেমৰ অংশগ্ৰহণকাৰী অৰ্থাৎ বেংক আৰু নন-বেংক প্ৰতিষ্ঠানক এই নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে। ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত ২এফএ পদ্ধতি আৰু ২০২৬ চনৰ অক্টোবৰৰ ভিতৰত সীমা অতিক্ৰম কৰি পেমেণ্ট প্ৰৱৰ্তন কৰা হ’ব বুলি জানিব পৰা গৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম। ডিজিটেল পেমেণ্টৰ বাবে প্ৰৱৰ্তন কৰা হ’ব এই নতুন নিয়ম আৰু ব্যৱস্থা। এতিয়াৰে পৰা SMSৰ জৰিয়তে ওৱান টাইম পাছৱৰ্ডৰ উপৰিও টু ফেক্টৰ প্ৰমাণীকৰণৰ বাবে বিভিন্ন পদ্ধতি প্ৰৱৰ্তন কৰা হ’ব। ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হ’ব বুলি জনাইছে আৰ বি আইয়ে ।