গুৱাহাটীৰ এই বেংকৰ ওপৰত ৰিজাৰ্ভ বেংকে আৰোপ কৰিলে নিষেধাজ্ঞা
গুৱাহাটীস্থিত এটা বেংকৰ ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছ এক কঠোৰ পদক্ষেপ। এই বেংকটোৰ ওপৰত ৰিজাৰ্ভ বেংকে আৰোপ কৰিছে নিষেধাজ্ঞা। ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশৰ ফলত এতিয়া গ্ৰাহকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
গুৱাহাটীস্থিত এটা বেংকৰ ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছ এক কঠোৰ পদক্ষেপ। এই বেংকটোৰ ওপৰত ৰিজাৰ্ভ বেংকে আৰোপ কৰিছে নিষেধাজ্ঞা। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৪ জুলাইৰ পৰা এই বেংকটোক ব্যৱসায় বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ৩৫এ আৰু ৫৬ৰ অধীনত ৰিজাৰ্ভ বেংকে এই নিৰ্দেশ প্ৰদান কৰিছে। ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশৰ ফলত এতিয়া গ্ৰাহকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা কৰা হৈছে। দেশৰ শীৰ্ষতম বেংকটোৰ এই কঠোৰ পদক্ষেপৰ সন্মুখীন হৈছে দ্য ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংক লিমিটেড।
এই বেংকটোৰ লগতে দেশৰ আন দুটা বেংকো ৰিজাৰ্ভ বেংকৰ এনে পদক্ষেপৰ সন্মুখীন হৈছে। গুৱাহাটীৰ দ্য ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংক লিমিটেডৰ লগতে দিল্লীৰ ইনোভেটিভ ক’অপাৰেটিভ আৰ্বান বেংক লিমিটেড আৰু মুম্বাইৰ দ্য ভৱনী সহকাৰী বেংক লিমিটেডৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।