আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ…
এয়া প্ৰকৃতিৰ অদ্ভুত লীলা। বগা বৰফেৰে আৱৰি ধৰিছে চৌদি আৰৱৰ শুকান মৰুভূমি। কিন্তু কিয় এনেকুৱা হ’ল?
গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ। বিগত তিনিটা দশকত এনে দিন দেখা নাছিল তেলৰ ৰাজ্যৰ বাসিন্দাসকলে । দৃশ্য দেখি আচৰিত হৈছে নেটিজেনসকলো। এয়া প্ৰকৃতিৰ অদ্ভুত লীলা। বগা বৰফেৰে আৱৰি ধৰিছে চৌদি আৰৱৰ শুকান মৰুভূমি। কিন্তু কিয় এনেকুৱা হ’ল?
চৌদি আৰৱৰ উত্তৰ অংশত অৱস্থিত টাবুক আৰু আল জাফ প্ৰদেশ। য’ত যোৱা বছৰৰ নৱেম্বৰ মাহত বৰফেৰে আৱৰি ধৰিছিল মৰুভূমি। শীতকালীন দিনত যেতিয়া এই অঞ্চলৰ তাপমাত্ৰা কমি যায়। কিন্তু এইবাৰ সেই ভংগ হৈছে সকলোবোৰ অভিলেখ। ১০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামিছে মৰুভূমিৰ তাপমাত্ৰা। আনকি কেৱল উত্তৰ চৌদি আৰৱতে নহয়, দেশৰ পূব অংশত অৱস্থিত আল-আহছা প্ৰদেশতো একে পৰিস্থিতি দেখা গৈছে। বলিছে ঠাণ্ডা বতাহ , পৰিছে বৰফ। নেশ্যনেল চেণ্টাৰ ফৰ মেটিঅ’ৰ’লজী বা এনচিএমৰ তথ্য অনুসৰি এই ঠাণ্ডা বতাহ চৌদি আৰৱৰ উত্তৰ আৰু পূব প্ৰদেশত দেখা গৈছে।