ৰাণীয়ে হেৰুৱাইছিল তেওঁৰ দ্বিতীয়টি সন্তান…

Sep 11, 2025 | 7:51 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী। তেওঁৰ আজিও বহু অনুৰাগী আছে। কিন্তু বহুতে আজিও নাজানে ৰাণীৰ কিছুমান বেয়া দিনৰ কথা।

কাৰ জীৱনত দুখ নাথাকে! সেয়া লাগিলে কোনোবো সাধাৰণ মানুহেই হওক বা কোনোবা ডাঙৰ ডাঙৰ চেলিব্ৰেটি। সামাজিক মাধ্যম চালে প্ৰায় সকলোকে সুখী যেন লাগে। কিন্তু সেই সুখী সুখী দেখা মুখখনৰ আঁৰত বহুতে দুখ লুকুৱাই ৰাখে। এই ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জীও ব্যতিক্ৰম নহয়। ৰাণীৰ জীৱনতো আছে এক ডাঙৰ দুখ।

ৰাণীয়ে হেৰুৱাবলগীয়া হৈছিল তেওঁৰ দ্বিতীয় সন্তান। শিশুটিয়ে এই পৃথিৱীৰ পোহৰ দেখাৰ আগতে সকলো শেষ হৈ গৈছিল। অভিনেত্ৰীগৰাকীয়ে এদিন নিজেই প্ৰকাশ কৰিছিল এই তথ্য। তেওঁ এক প্ৰকাৰ কৈছিল, কিছুমান কাম সময়ত নকৰিলে অঘটন ঘটিব পাৰে। এই সন্দৰ্ভত বলীউড লাইফত ৰাণীৰ এক সাক্ষাৎকাৰ প্ৰকাশ পাইছে। য’ত তেওঁ কৈছে যে, প্ৰায় ৪০ বছৰ বয়সত তেওঁ দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছিল। কিন্তু শেষ হৈ গৈছিল সকলো, তেওঁ সন্তানটিক পৃথিৱীৰ পোহৰ দেখুৱাব পৰা নাছিল।