দেশত চলিব হাইড্ৰ’জেন চালিত ৰে’লঃ ৰে’লমন্ত্ৰীয়ে কৰিলে ঘোষণা

| Feb 09, 2025 | 11:05 PM

ভাৰতত শীঘ্ৰেই দেখিবলৈ পোৱা যাব হাইড্ৰ’জেন চালিত ৰে’ল। ভাৰতীয় ৰে’লৱেই দ্ৰুতগতিত এই অত্যাধুনিক প্ৰযুক্তিৰ ৰে’ল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। শুকুৰবাৰে সংসদত এই বিষয়ে প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

ভাৰতত শীঘ্ৰেই দেখিবলৈ পোৱা যাব হাইড্ৰ’জেন চালিত ৰে’ল। ভাৰতীয় ৰে’লৱেই দ্ৰুতগতিত এই অত্যাধুনিক প্ৰযুক্তিৰ ৰে’ল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। শুকুৰবাৰে সংসদত এই বিষয়ে প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। অসমৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই নতুন প্ৰযুক্তিৰ বিষয়ে সদৰী কৰাৰ লগতে ই বিশেষ ৰে’লখন বিশ্বৰ অন্যতম দীৰ্ঘতম আৰু শক্তিশালী ৰে’ল হ’ব বুলিও উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়া মতে ৰিচাৰ্ছ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যন, চমুকৈ RDSO ৰ নিৰ্দেশনা অনুসৰি এই ৰে’লখন নিৰ্মাণ কৰা হৈছে।।

উল্লেখ্য যে ভাৰতীয় ৰে’লৱেই প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ৰে’লৱেক কাৰ্বনমুক্ত কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেই পদক্ষেপৰে অন্যতম অংশ হিচাপে হাইড্ৰ’জেন চালিত ৰে’লসেৱা আৰম্ভ কৰিব ভাৰতীয় ৰে’লৱেই।