অসমত ৰাহুলৰ গান্ধীৰ উপস্থিতিৰ পৰা অলিম্পিকত ক্ৰিকেট খেললৈ, গুৰুত্বপূৰ্ণ খবৰসমূহ…

Jul 16, 2025 | 10:49 PM

আজি ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰে। ইয়াৰোপৰি শৰ্মাইও এক প্ৰকাশ ইংগিত দিয়ে যে কংগ্ৰেছত তেওঁৰ এজেন্ট আছে।

১) বুধবাৰে অসমত উপস্থিত হয় কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী।  এই সময়চোৱাত তেওঁ ছয়গাঁৱত জনসভা সম্বোধন কৰে।

২)‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’- ৰাহুল গান্ধীয়ে গোপন বৈঠকত এই মন্তব্য প্ৰদান কৰা বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩)চাকৰিৰ পৰা অব্যাহতি বিচাৰিছে এগৰাকী চিকিৎসকে। এগৰাকী দণ্ডাধীশৰ বিৰুদ্ধে অভব্য আচৰণৰ অভিযোগ তুলি চিকিৎসক সুৰজিত গিৰিয়ে NHMৰ পৰা অব্যাহতি বিচাৰিছে

৪)গৌৰৱ গগৈয়ে কয় যে, , কংগ্ৰেছে অসমীয়া জনসাধাৰণৰ বাবে যুঁজিব। খিলঞ্জীয়াৰ মাটি পাট্টা, বিভিন্ন জাতি-গোষ্ঠীৰ ভাষা- সংস্কৃতি,আমাৰ ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে  আমি যুঁজিম।

৫)G20 বিকাশ মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকালৈ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। 

৬) কৃষকৰ বাবে ‘পি এম ধন-ধন্য যোজনা’ত অনুমোদন মোদী কেবিনেটৰ।

৭)বাংলাদেশস্থিত সত্যজিৎ ৰায়ৰ পূৰ্বপুৰুষৰ ঘৰটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে।

৮)পৰৱৰ্তী অলিম্পিকত অনুষ্ঠিত হ’ব ক্ৰিকেট মেচ।

৯)পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা।