আমেৰিকাক স্পষ্ট বাৰ্তা পুটিনৰ! ক’লে, ভাৰত-চীনক এনেকৈ ক’ব নোৱাৰে…

Sep 05, 2025 | 9:42 PM

আমেৰিকাক স্পষ্ট বাৰ্তা দি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ক'লে যে ভাৰত আৰু চীন বিশ্বৰ দুই ডাঙৰ অৰ্থনীতি। ভাৰত আৰু চীনক এনেকৈ ক'ব নোৱাৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শক্তিশালী বাৰ্তা , “আপুনি ভাৰত বা চীনৰ সৈতে এনেদৰে কথা পাতিব নোৱাৰে।” আমেৰিকাই ভাৰত আৰু চীনৰ বিৰুদ্ধে গ্ৰহণ কৰি অহা শুল্ক নীতিৰ ওপৰত এই মন্তব্য প্ৰদান কৰে পুটিনে। চীনত সংবাদমেল সম্বোধন কৰি পুটিনে কয়, ভাৰত আৰু চীনৰ দৰে বৃহৎ অৰ্থনীতিৰ ক্ৰমবৰ্ধমান শক্তিক আওকান কৰিব নোৱাৰি। বিশ্বৰ ৰাজনীতি বা নিৰাপত্তাৰ ক্ষেত্ৰত কেৱল মাত্ৰ এখন দেশৰেই আধিপত্য থাকিব নালাগে।

পুটিনে কয় যে, ট্ৰাম্প প্ৰশাসনে এছিয়াৰ দুই শক্তিক দুৰ্বল কৰাৰ চেষ্টা কৰিবলৈ আৰ্থিক হেঁচা প্ৰয়োগ কৰিছে। ভাৰত আৰু চীনক অংশীদাৰ বুলি উল্লেখ কৰি পুটিনে আমেৰিকাৰ শুল্ক নীতি এইসমূহ দেশৰ নেতৃত্বক দুৰ্বল কৰাৰ এক প্ৰচেষ্টা বুলি উল্লেখ কৰে।

পুটিনে কয়, ভাৰতৰ আৰু চীন বৃহৎ অৰ্থনীতি। ক্ৰয় শক্তি সমতাৰ হিচাপত আমাৰ অৰ্থনীতি শীৰ্ষ ৪ ৰ ভিতৰত আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এখন দেশে ৰাজনীতি বা নিৰাপত্তাৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিব। সকলো সমান হ’ব লাগে। তেওঁ একপক্ষীয়া জগত অৰ্থাৎ ইউনিপোলাৰ ৱাৰ্ল্ডৰ মডেলক পুৰণি আৰু অন্যায় বুলি অভিহিত কৰে।

ভাৰত আৰু চীনক নিজৰ “সহযোগী” বুলি উল্লেখ কৰি পুটিনে কয়, “আমেৰিকাৰ শুল্ক নীতি এই দেশসমূহৰ নেতৃত্বক দুৰ্বল কৰাৰ প্ৰয়াস। ভাৰত আৰু চীন প্ৰায় ১.৫ বিলিয়ন জনসংখ্যাৰ দেশ, তেওঁলোকৰ অৰ্থনীতি শক্তিশালী, তেওঁলোকৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আৰু নিয়মো আছে। কোনোবাই যেতিয়া ক’ব যে তেওঁলোকে শাস্তি দিব, তেতিয়া আপুনি ভাবিব লাগিব যে এই বৃহৎ দেশসমূহৰ নেতৃত্বই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।”

আমেৰিকাক ঔপনিৱেশিক যুগ শেষ হ’ল বুলি সোঁৱৰাই দি পুটিনে কয়, “ঔপনিৱেশিক যুগ শেষ হ’ল।আপুনি বুজিব যে আপুনি এনেদৰে অংশীদাৰৰ লগত কথা পাতিব নোৱাৰে। জাপি দিয়া ৰাজনীতি, হেঁচা দিয়াৰ কৌশল আৰু কামত নাহিব।”

উল্লেখ কৰা প্ৰয়োজন, শেহতীয়াকৈ ট্ৰাম্পৰ ঘনিষ্ঠ একাংশই ৰাছিয়া, ভাৰত আৰু চীনৰ সম্পৰ্কৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি আহিছে। ইয়াৰ মাজতে পুটিনৰ এই মন্তব্যই স্পষ্ট কৰি দিছে যে ৰাছিয়া ভাৰতৰ কাষত আছে।