Vladimir Putin: আমেৰিকাৰ যদি অধিকাৰ আছে ভাৰতৰ কিয় নাই? ট্ৰাম্পৰ স্থিতিক লৈ পুটিনৰ প্ৰশ্ন…

Dec 05, 2025 | 8:26 PM

Putin: আমেৰিকাৰ শুল্ক সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিশেষ মন্তব্য কৰে। তেওঁ কয় যে, আমেৰিকাই ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰে। গতিকে ভাৰতৰো অধিকাৰ আছে।

বৰ্তমান ভাৰতত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতত উপস্থিত হোৱাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমত উদ্দেশ্যি বিভিন্ন মন্তব্য কৰে। আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত পুটিনে কয় যে, আমেৰিকাই ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰে। যদি আমেৰিকাই ক্ৰয় কৰিব পাৰে তেন্তে ভাৰতে কিয় নোৱাৰে? ভাৰতৰ অধিকাৰ আছে। এই সন্দৰ্ভত তেওঁ আমেৰিকাৰ সৈতে কথা পাতিবলৈ সাজু বুলি কয়।

উল্লেখ্য যে ৰাছিয়া হৈছে আমেৰিকালৈ দ্বিতীয় বৃহত্তম ইউৰেনিয়াম যোগানকাৰী দেশ। পুটিনৰ দেশখনে বিক্ৰী কৰা ইউৰেনিয়ামৰ প্ৰায় ২৫ শতাংশ আমেৰিকাই ক্ৰয় কৰে। ৰাছিয়াই এই বছৰ আমেৰিকাৰ সৈতে ১২ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছে। ২০২৪ চনত ৰাছিয়াই আমেৰিকালৈ ইউৰেনিয়াম ৰপ্তানিৰ পৰা ৮০ কোটি ডলাৰ উপাৰ্জন কৰিছিল।

সবিশেষৰ বাবে চাওক ভিডিঅ’