বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে দুধনৈত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ
বজৰং আৰু বিশ্ব হিন্দু পৰিষদৰ দুই শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদত বাংলাদেশ চৰকাৰ হুচিয়াৰ, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে দুধনৈৰ আকাশ বতাহ উত্তাল কৰি তোলে।
বাংলাদেশৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়াও দেশ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনতাৰ ক্ষোভৰ উদগীৰণ ঘটিছে। গোৱালপাৰাৰ দুধনৈত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ ৷ বাংলাদেশত হিন্দু যুৱকক হত্যা কৰা আৰু উত্তৰ পূৱ ভাৰত বাংলাদেশত চামিলৰ হুংকাৰ প্ৰদান কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদত।
জোতা-চেণ্ডেলৰ মালা পিন্ধাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকাত দাহ কৰাৰ লগতে এক প্ৰতিবাদী সমদল উলিয়ায় ৷ বজৰং আৰু বিশ্ব হিন্দু পৰিষদৰ দুই শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদত বাংলাদেশ চৰকাৰ হুচিয়াৰ, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে দুধনৈৰ আকাশ বতাহ উত্তাল কৰি তোলে । ভাৰত চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি বাংলাদেশত থকা হিন্দু সকলক নিৰাপত্তা দিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীয়ে ।