দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ‘প্ৰেৰণা আঁচনি’ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ…

| Nov 28, 2025 | 2:43 PM

Prerona scheme: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে প্ৰেৰণা আঁচনিৰ। ইয়াৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলে মাহে ৩০০ টকাকৈ লাভ কৰিব।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে প্ৰেৰণা আঁচনি (Prerona scheme )। এই আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাক অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে মাহে ৩০০ টকাকৈ লাভ কৰিব। ইয়াৰ অধীনত ৰাজ্যৰ প্ৰায় ৪.৪ লাখ পৰীক্ষাৰ্থী উপকৃত হ’ব।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ অধীনত পৰীক্ষাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব।এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখে যে- “অসমৰ শিক্ষার্থীৰ ভৱিষ্যতেই নির্ধাৰণ কৰিব বিকশিত অসমৰ ভৱিষ্যৎ। সেয়ে আমি প্ৰতিগৰাকী শিক্ষার্থীৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে বিনিয়োগৰ প্রয়াস কৰি আহিছোঁ! প্রেৰণামূলক ‘প্ৰেৰণা আঁচনি’য়ে মোৰ ৪.৪ লাখ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ভাগিনসকলক মাহিলি জলপানিৰে আত্মবিশ্বাস বৃদ্ধি তথা উৎসাহ প্রদান কৰিব। আজি আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰিবলৈ পাই আনন্দিত হৈছোঁ”।
সবিশেষৰ বাবে চাওক ভিডিঅ’…