পোষ্ট মেল’নৰ সংগীতানুষ্ঠানকলৈ গুৱাহাটীত যান-বাহন চলাচলত বিশেষ নিৰ্দেশনা, ক’ত থাকিব NO PARKING ZONE?

Dec 06, 2025 | 8:03 PM

এই অনুষ্ঠানত ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শক আহিব বুলি আশা কৰা হৈছে, কিয়নো ভাৰতত এয়া পোষ্ট মেলনৰ প্ৰথমটো solo headline concert হ’ব।

গুৱাহাটীলৈ আহিব পপ ষ্টাৰ পোষ্ট মেল’ন। আমেৰিকাৰ জনপ্ৰিয় প’প ষ্টাৰ পোষ্ট মেল’নে ৮ ডিচেম্বৰত গুৱাহাটীত পৰিৱেশনক কৰিব সংগীত। খানাপাৰা পশু চিকিৎসা খেলপথাৰত ভাৰতৰ প্ৰথমটো হেডলাইন কনচাৰ্ট প্ৰদৰ্শন কৰিব। অসম চৰকাৰৰ সহযোগত BookMyShow Live ৰ উদ্যোগত এই বিশাল কনচাৰ্ট অনুষ্ঠিত হ’ব। এই সংগীতানুষ্ঠানৰ লক্ষ্য অসমৰ পৰ্যটন, সংস্কৃতি, অৰ্থনীতি আৰু স্থানীয় ব্যৱসায়ক উন্নীত কৰা।

এই অনুষ্ঠানত ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শক আহিব বুলি আশা কৰা হৈছে, কিয়নো ভাৰতত এয়া পোষ্ট মেলনৰ প্ৰথমটো solo headline concert হ’ব। ইতিমধ্যে এই অনুষ্ঠানৰ টিকট BookMyShow ত উপলব্ধ হৈছে। এই অনুষ্ঠানটো সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হব আৰু ৫ ঘণ্টা ধৰি চলিব। এই অনুষ্ঠানত অংশগ্ৰহণৰ বয়সৰ সীমা হৈছে ৫ বছৰতৈ অধিক। এই সংগীতানুষ্ঠানকলৈ যান-বাহন চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। কোনটো পথেৰে আপুনি যাত্ৰা কৰিব পাৰিব সেয়া জানিবলৈ চাওক এই ভিডিঅ’…