প্ৰধানমন্ত্ৰীৰ ঘানা ভ্ৰমণৰ পৰা ৰাজ্যত গো-মাংস উদ্ধাৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

Jul 03, 2025 | 11:34 PM

দুদিনীয়া ভ্ৰমণসূচীৰে ঘানাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰা হৈছে।

দুদিনীয়া ভ্ৰমণসূচীৰে ঘানাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰেৰে সন্মান প্ৰদান কৰা হয়। এই ভ্ৰমণৰ সময়ত ৰাজধানী আক্ৰাত অনুষ্ঠিত এক কাৰ্যসূচীত দেশখনৰ ৰাষ্ট্ৰপতি জন মহামাই প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰে। ৩০ বছৰৰ পাচত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে ঘানা।

গো-মাংসৰ বিতৰ্ক চলি থকাৰ মাজতে বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ হৈছে ২০০ গৰাকী লোক। ইফালে আজি পুৱা ধুবুৰীত উদ্ধাৰ হয় প্ৰায় ২০০ কেজি গো-মাংস। ৰাজ্যত অসম গো সুৰক্ষা আইন বলৱত হৈ থকাৰ পাছতো বিভিন্ন স্থানত গো-মাংস বিক্ৰী হৈ আছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই গো-মাংস বিক্ৰীৰ বিৰুদ্ধে।

চাওক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…