‘আগতে কংগ্ৰেছৰ কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক সন্মান জনোৱা নাছিল’ -মুখ্যমন্ত্ৰী
কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, আজি যিধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোপীনাথ বৰদলৈক সন্মান জনাইছে, আগতে কেতিয়া কোনো প্ৰধানমন্ত্ৰীয়ে এইদৰে সন্মান জনোৱা নাছিল।
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়,”অসমত বহু বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। কিন্তু আজি যিধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোপীনাথ বৰদলৈক সন্মান জনাইছে, আগতে কেতিয়া কোনো প্ৰধানমন্ত্ৰীয়ে এইদৰে সন্মান জনোৱা নাছিল।”
উল্লেখ্য যে, উত্তৰ-পূবৰ সৰ্ববৃহৎ বিমানবন্দৰ টাৰ্মিনেল উদ্বোধন কৰাৰ লগতে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বাহিৰত প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে।
