ডিজিটেল পে’মেণ্ট খণ্ডত অন্ত পৰিব PhonePe, Google Payৰ আধিপত্য!
নতুন কোম্পানীসমূহে লোভনীয় অফাৰ তথা বিপণনৰ জৰিয়তে এতিয়া গ্ৰাহকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। ইফালে UPI ব্যৱস্থাৰ ক্ষেত্ৰত নিয়ন্ত্ৰক সংস্থা ইণ্ডিয়ান নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন (NPCI)ৰ নীতিও এতিয়া যথেষ্ট চৰ্চিত হৈছে।
দেশত অনলাইন পে’মেণ্ট ব্যৱস্থা অধিক সুচল আৰু সহজ কৰি দেশত UPI অৰ্থাৎ ইউনিফাইড পেমেণ্ট চিষ্টেমে। ইয়াৰ জৰিয়তে বৰ্তমান সময়ত অধিকাংশ লোকেই ধনৰ লেনদেন কৰা দেখা যায়। এই UPI পে’মেণ্টৰ ক্ষেত্ৰত দুই প্ৰধান কোম্পানী PhonePe আৰু Google Pay- এ দীৰ্ঘসময় ধৰি একপ্ৰকাৰে আধিপত্য বিস্তাৰ কৰি আহিছিল। কিন্তু শেহতীয়াকৈ এইক্ষেত্ৰত কিছু পৰিৱৰ্তন পৰিলক্ষিত হৈছে। PhonePe আৰু Google Payৰ দৰে আগশাৰী কোম্পানী দুটাৰ শেহতীয়াকৈ আধিপত্য হ্ৰাস পোৱা দেখা গৈছে।
এই দুয়োটা কোম্পানীৰ বজাৰ হ্ৰাসৰ কাৰণ হৈ পৰিছে নতুনকৈ বজাৰত প্ৰৱেশ কৰা কিছুমান এপ তথা কোম্পানী। এই নতুন কোম্পানীসমূহে লোভনীয় অফাৰ তথা বিপণনৰ জৰিয়তে এতিয়া গ্ৰাহকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। ইফালে UPI ব্যৱস্থাৰ ক্ষেত্ৰত নিয়ন্ত্ৰক সংস্থা ইণ্ডিয়ান নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন (NPCI)ৰ নীতিও এতিয়া যথেষ্ট চৰ্চিত হৈছে।