তদন্ত অধিক দ্ৰুত হওক, চৰকাৰৰ ওচৰত অনুৰোধ জনাই বন্ধু জুবিনক সুঁৱৰিলে পাপনে

Sep 28, 2025 | 11:05 PM

ৰাজ্যজুৰি চলি থকা চৰ্চাৰ মাজতে শেহতীয়াকৈ ৰাজ্য তথা দেশৰ সংগীত জগতৰ আন এগৰাকী জনপ্ৰিয় তাৰকা পাপনে এক বিশেষ পোষ্ট কৰিছে। পোষ্টটোত পাপনে দ্ৰুত তদন্তৰ অনুৰোধ জনাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি উত্থাপিত হোৱা প্ৰশ্নৰ সোনকালে উত্তৰ পোৱাৰ আশা প্ৰকাশ কৰিছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যু ক্ৰমাৎ ৰহস্যজনক হৈ পৰাৰ পিছত এই গোচৰৰ সঠিক তদন্তৰ দাবী তুলি সৰৱ হৈ পৰিছে সকলো লোক। এই গোচৰৰ সম্প্ৰতি তদন্ত অব্যাহত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ইতিমধ্যে এই গোচৰৰ তদন্ত সন্দৰ্ভত ৰাজ্যবাসীৰ আগত তথ্য দাঙি ধৰিছে। ৰাজ্যজুৰি চলি থকা চৰ্চাৰ মাজতে শেহতীয়াকৈ ৰাজ্য তথা দেশৰ সংগীত জগতৰ আন এগৰাকী জনপ্ৰিয় তাৰকা পাপনে এক বিশেষ পোষ্ট কৰিছে।

সম্প্ৰতি বলীউডত নিজৰ এক সুকীয়া স্থান দখল কৰা পাপনে নিজা ফেচবুক একাউণ্ট যোগে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষীপ্ৰ তদন্তৰ আহ্বানেৰে এক বিশেষ পোষ্ট কৰিছে। পোষ্টটোত পাপনে দ্ৰুত তদন্তৰ অনুৰোধ জনাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি উত্থাপিত হোৱা প্ৰশ্নৰ সোনকালে উত্তৰ পোৱাৰ আশা প্ৰকাশ কৰিছে।