Pan Card New Guidelines: পুৰণি PAN Card খন কামত আহিব নে, এই নতুন কাৰ্ডখন পাবলৈ কি কৰিব?

Jun 28, 2025 | 8:37 PM

শেহতীয়াকৈ আয়কৰ বিভাগে মুকলি কৰিছে পান কাৰ্ড ২.০। এই নতুন পান কাৰ্ড সম্পূৰ্ণ ডিজিটেল। ইয়াৰ উপৰিও থাকিব QR ক’ড। জনা যায় যে এই PAN 2.0 ৰ সৈতেও পুৰণি কাৰ্ডখন আগৰ দৰেই বৈধ হৈ থাকিব। গতিকে চিন্তাৰ কোনো কাৰণ নাই।

দেশৰ কৰ ব্যৱস্থাক অধিক সুৰক্ষিত আৰু স্বচ্ছ কৰি তোলাৰ বাবে শেহতীয়াকৈ আয়কৰ বিভাগে মুকলি কৰিছে পান কাৰ্ড ২.০। এই নতুন পান কাৰ্ড সম্পূৰ্ণ ডিজিটেল। ইয়াৰ উপৰিও থাকিব QR ক’ড। জনা যায় যে এই PAN 2.0 ৰ সৈতেও পুৰণি কাৰ্ডখন আগৰ দৰেই বৈধ হৈ থাকিব। গতিকে চিন্তাৰ কোনো কাৰণ নাই।

জানিব পৰা মতে, আয়কৰ বিভাগে এই নতুন পেন কাৰ্ড ইমেইলযোগে প্ৰেৰণ কৰিব। বিচাৰিলে আয়কৰ বিভাগে ডাক যোগেও পান কাৰ্ড প্ৰেৰণ কৰিব। অৱশ্যে এই ক্ষেত্ৰত সামান্য মাচুল ভৰিব লাগিব। এই নতুন পান কাৰ্ডত থাকিব QR কোড। যিটো স্কেন কৰিলে সকলো তথ্য পৰীক্ষা কৰিব পাৰি। আনকি এই কাৰ্ডখন ব্যৱহাৰ কৰি বিভিন্ন সেৱা লাভ কৰিব পাৰি।