সীমান্তত সঘনে উৰিছে পাকিস্তানী ড্ৰোন, কোনো নতুন চক্ৰান্ত নেকি পাকিস্তানৰ?
কেইদিনমান পূৰ্বে কাশ্মীৰৰ ভাৰত-পাক সীমান্তত দেখা গৈছিল পাকিস্তানী ড্ৰোন। এইবাৰ কেৱল এঠাইত নহয়। সন্ধিয়া আন্ধাৰ নামি অহাৰ লগে লগে ৰামগড় ছেক্টৰ, পুঞ্চ আৰু জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানৰ ওপৰেৰে উৰিবলৈ আৰম্ভ কৰে পাকিস্তানী ড্ৰোন ।
যোৱা দুসপ্তাহত তিনি-চাৰিবাৰ ভাৰতৰ ভূখণ্ডত বাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই অনা ড্ৰোনে প্ৰৱেশ কৰিছে। ভাৰতীয় সেনাই বিশ্বাস কৰে যে পাকিস্তানে তলে তলে কোনো ডাঙৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বেও সীমান্ত অঞ্চলৰ পৰা পাকিস্তানী ড্ৰোন ধাৰাবাহিকভাৱে উৰি থকা দেখা গৈছিল। এই সন্দৰ্ভত নিজেই উদ্বেগ প্ৰকাশ কৰে সেনা প্ৰধান জেনেৰেল দ্বিবেদীয়ে। তেওঁ পাকিস্তানৰ গতিবিধি সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰে।
আনহাতে, গুজৰাটৰ উপকূলৰ পৰা উদ্ধাৰ হৈছে আন এখন সন্দেহজনক পাকিস্তানী নাও। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আৰব সাগৰত চোৰাংচোৱাগিৰি চলাই থকাৰ সময়তে এই সন্দেহজনক নাওখন ভাঁহি থকা দেখা পায়। পাকিস্তানৰ পতাকা উৰি থকা নাওখনত নাম লিখা আছিল আল মদিনা। ইয়াৰ ফলত ৰহস্য আৰু অধিক ঘনীভূত হয়।
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সূত্ৰ অনুসৰি নাওখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও সন্দেহজনক সামগ্ৰী আৰু নথি-পত্ৰ । এই নাওখন অনুপ্ৰৱেশৰ বাবে ব্যৱহাৰ কৰা হৈছিল নে ইয়াৰ আঁৰত তাতকৈও ডাঙৰ পৰিকল্পনা আছে, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে। এই কথা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইফালে ৯ জন পাকিস্তানীক গ্ৰেপ্তাৰ কৰা জনাইছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে।