বজাৰত আৰু উপলব্ধ নহ’ব নেকি অ’ল্ড মংক! পোহৰলৈ আহিছে এনে খবৰ

Aug 05, 2025 | 8:51 PM

শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰে অ’ল্ড মংক প্ৰিয় সুৰাপায়ীসকলক চিন্তিত কৰি তুলিছে। এই খবৰ প্ৰকাশৰ পিছতে দেশৰ বজাৰত এতিয়া অ’ল্ড মংক উপলব্ধ নহ’ব নেকি বুলিয়েই প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

ভাৰতীয় সুৰাৰ বজাৰত অ’ল্ড মংকৰ এক সুকীয়া স্থান আছে। বিশেষকৈ শীতকালত সুৰাপায়ীসকলৰ বাবে অ’ল্ড মংকৰ আদৰ অধিক। পিছে শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰে ল্ড মংক প্ৰিয় সুৰাপায়ীসকলক চিন্তিত কৰি তুলিছে। এই খবৰ প্ৰকাশৰ পিছতে দেশৰ বজাৰত এতিয়া ল্ড মংক উপলব্ধ নহ’ব নেকি বুলিয়েই প্ৰশ্নৰ উদ্ৰেক ঘটিছে। শীতৰ আগমন ঘটিবলৈ এতিয়াও কিছু সময় বাকী আছে। তথাপি হঠাতে অহা বিশেষ খবৰে এতিয়াই চিন্তিত কৰিছে সুৰাপায়ীসকলক।

কিন্তু অ’ল্ড মংকক লৈ সুৰাপায়ীৰ মাজত এই শংকাই কিয় গা কৰি উঠিছে! অল্ড মংক নামৰ এই জনপ্ৰিয় ৰামবিধ হিমাচল প্ৰদেশৰ সোলানত তৈয়াৰ কৰা হয়। এই ৰাম তৈয়াৰ কৰে মোহন মেকিন ব্ৰুৱেৰীয়ে। এতিয়া কোম্পানীটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি অ’ল্ড মংকৰ উপলব্ধতাক লৈ শংকাৰ সৃষ্টি হৈছে।