UPI Update News: পূজাৰ সময়ত কিমান টকাৰ অনলাইন লেনদেন কৰিব পাৰিব?

| Sep 18, 2025 | 7:56 PM

যিহেতু এতিয়া বেছিভাগ মানুহেই ইউপিআই পেমেণ্ট পছন্দ কৰে, সেয়েহে ব্যৱহাৰকাৰীসকলক মনত ৰাখি লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। ৫ লাখ টকাৰ কৰ আদায় দিয়া প্ৰতিষ্ঠান সমূহৰ বাবে ইউপিআই পেমেণ্টৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হ’ব।

অনলাইন পেমেণ্টৰ নিয়মত বৃহৎ পৰিৱৰ্তন। এতিয়া অনলাইন পেমেণ্ট কৰাটো অধিক সুবিধাজনক হ’ব। ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন (NPCI)-এ ইউ পি আই ব্যৱহাৰকাৰীৰ বাবে লেনদেনৰ সীমা বৃদ্ধি কৰিছে। ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম।

যিহেতু এতিয়া বেছিভাগ মানুহেই ইউপিআই পেমেণ্ট পছন্দ কৰে, সেয়েহে ব্যৱহাৰকাৰীসকলক মনত ৰাখি লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। ৫ লাখ টকাৰ কৰ আদায় দিয়া প্ৰতিষ্ঠান সমূহৰ বাবে ইউপিআই পেমেণ্টৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হ’ব।

এতিয়াৰ পৰা এই শ্ৰেণীৰ অন্তৰ্গত গ্ৰাহকে ২৪ ঘন্টাত ১০ লাখ টকা পৰ্যন্ত অনলাইন পেমেণ্ট কৰিব পাৰিব। ক্যাপিটাল মার্কেট আৰু ইন্সুৰেন্সেৰ ক্ষেত্ৰত এই সীমা নিৰ্ধাৰণ কৰা হৈছে প্ৰতিটো লেনদেনত ২ লাখ টকালৈ। অৰ্থাৎ প্ৰতিটো লেনদেনত সৰ্বাধিক ২ লাখ টকা পঠিয়াব পাৰিব। কোনোবাই যদি আই পি অ’ কিনিব বিচাৰে তেন্তে ইউ পি আইৰ জৰিয়তে সৰ্বাধিক ৫ লাখ টকা পঠিয়াব পাৰিব।