হাছিনাৰ প্ৰত্যৰ্পণ নহ’লে কি হ’ব বাংলাদেশৰ স্থিতি! উপদেষ্টাই কৰিলে এনে মন্তব্য

Dec 01, 2025 | 9:36 PM

হাছিনা প্ৰসঙ্গত বাংলাদেশে এক বিশেষ স্থিতি গ্ৰহণ কৰিছে। দেশখনৰ সংবাদ মাধ্যম ‘সময় টিভি’- এ শেহতীয়াকৈ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনৰ বক্তব্যৰ উদ্ধৃতিৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদনে এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে।

বিগত এটা বৰ্ষতকৈ অধিক সময় ধৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে বাংলাদেশৰ ক্ষমতাচ্যুৎ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শেহতীয়াকৈ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে বিগত বৰ্ষত হোৱা গণবিদ্ৰোহৰ সময়ত শ্বেখ হাছিনাই অমানৱীয় অপৰাধত লিপ্ত থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। ইফালে বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ ওচৰত হাছিনাৰ প্ৰত্যৰ্পণৰ দাবী তুলি আহিছে। দেশখনে কিছুদিন পূৰ্বে ভাৰতলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে।

তাৰ মাজতে এতিয়া হাছিনা প্ৰসঙ্গত বাংলাদেশে এক বিশেষ স্থিতি গ্ৰহণ কৰিছে। দেশখনৰ সংবাদ মাধ্যম ‘সময় টিভি’- এ শেহতীয়াকৈ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনৰ বক্তব্যৰ উদ্ধৃতিৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদনে এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। পিছে কি কৈছে তৌহিদ হুছেইনে? চাওক ভিডিঅ’…