India’s Most Expensive Car: নীতা আম্বানীৰ ১০০ কোটি টকীয়া গাড়ীৰ কি বিশেষত্ব আছে?

Aug 17, 2025 | 8:23 PM

কিন্তু আপুনি জানেনে যে ক্ৰিকেটৰ সমান্তৰালকৈ গাড়ীও যথেষ্ঠ ভাল পায়। দেশৰ ভিতৰতে আটাইতকৈ দামী গাড়ী তেওঁৰ হাতত আছে। সেইখন কি গাড়ী আৰু ইয়াৰ মূল্য কিমান?

দেশৰ লগতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী। তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ১০৩.৫ বিলিয়ন ডলাৰ। অৱশ্যে তেওঁৰ পত্নী নীতা আম্বানীও কোনো গুণে কম নহয়। তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যনত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত, লগতে আইপিএলৰ মুম্বাই ইণ্ডিয়ানছৰ দলটোও পৰিচালনা কৰে। কিন্তু আপুনি জানেনে যে ক্ৰিকেটৰ সমান্তৰালকৈ গাড়ীও যথেষ্ঠ ভাল পায়। দেশৰ ভিতৰতে আটাইতকৈ দামী গাড়ী তেওঁৰ হাতত আছে। সেইখন কি গাড়ী আৰু ইয়াৰ মূল্য কিমান?

নীতা আম্বানীৰ বহু দেশী-বিদেশী গাড়ীৰ সংগ্ৰহ আছে। ইয়াৰ ভিতৰত আটাইতকৈ দামী আৰু বিশেষ গাড়ীখন হৈছে অ’ডি এ৯ ক্যামেলিয়ন। ইয়াৰ মূল্য জানি আপুনি আচৰিত হৈ পৰিব। প্ৰায় ১০০ কোটি টকীয়া এই গাড়ীখনৰ আছে বিশেষ বৈশিষ্ট্য। আন দামী গাড়ীৰ তুলনাত ই বহুত বেলেগ। পৃথিৱীৰ কম সংখ্যক লোকৰ হাতত এই গাড়ী আছে।