KYC New Rules: ১ নৱেম্বৰৰ পৰা সলনি KYC ৰ নিয়ম, সোনকালে এই কাম কৰক…
চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা বেংকৰ এই নিয়মবোৰ পৰিৱৰ্তন হ’ব । গ্ৰাহকৰ আৰ্থিক সুৰক্ষা বৃদ্ধিৰ বাবে বেংকৰ কিছুমান নিয়মত এই পৰিৱৰ্তন কৰা হৈছে।
বেংকে একাধিক নিয়ম সলনি কৰিছে। প্ৰত্যেকজন গ্ৰাহকে এই নিয়মবোৰ জনাটো প্ৰয়োজন। কাৰণ এই নিয়মবোৰ নাজানিলে বেংকৰ লেনদেনত সমস্যাৰ সন্মুখীন হ’ব পাৰে। চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা বেংকৰ এই নিয়মবোৰ পৰিৱৰ্তন হ’ব । গ্ৰাহকৰ আৰ্থিক সুৰক্ষা বৃদ্ধিৰ বাবে বেংকৰ কিছুমান নিয়মত এই পৰিৱৰ্তন কৰা হৈছে। এই পৰিৱৰ্তনৰ ভিতৰত এটা হৈছে KYC ৰ নিয়ম। বহু বছৰৰ পাছত KYC আপডেটৰ কথা উল্লেখ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
উল্লেখ্য যে, KYC ৰ জৰিয়তে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে তেওঁলোকৰ গ্ৰাহকৰ পৰিচয় পৰীক্ষা কৰে। গতিকে সঠিকভাৱে KYC আপডেট কৰাটো প্ৰত্যেকজন গ্ৰাহকৰ বাবে অতি প্ৰয়োজন। KYC ৰ মূল উদ্দেশ্য হৈছে আৰ্থিক জালিয়াতি, সন্ত্ৰাসবাদী বিত্তীয় সাহায্য বা আন কোনো অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰা। লগতে গ্ৰাহকৰ পৰিচয় আৰু ঠিকনা নিশ্চিত কৰা।
