Nepal PM Sushila Karki: নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ‘ডেডলাইন’ নিৰ্ধাৰণ কৰিলে সুশিলা কাৰ্কীয়ে

Sep 15, 2025 | 8:04 PM

দায়িত্ব লোৱাৰ পাছত দেওবাৰে নেপালৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে যে, এই চৰকাৰ কেৱল নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈহে সাজু। গতিকে ছমাহতকৈ বেছি দিন এই দায়িত্ব পালন নকৰে বুলি স্পষ্ট কৰি দিছে সুশিলা কাৰ্কীয়ে।

নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সুশিলা কাৰ্কীয়ে। এতিয়াৰ বাবে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব তেওঁৰ কান্ধত। সেই দায়িত্ব লোৱাৰ পাছত দেওবাৰে তেওঁ স্পষ্ট কৰি দিলে যে, এই চৰকাৰ কেৱল নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈহে সাজু। গতিকে ছমাহতকৈ বেছি দিন এই দায়িত্ব পালন নকৰে বুলি স্পষ্ট কৰি দিছে সুশিলা কাৰ্কীয়ে।

এখন সংবাদমেলত নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মই আৰু মোৰ দলৰ সদস্যসকল ক্ষমতাৰ সোৱাদ ল’বলৈ অহা নাই। আমি ছমাহতকৈ বেছি সময় নাথাকো। আমি নিৰ্বাচনৰ জৰিয়তে নতুন চৰকাৰৰ হাতত সকলো দায়িত্ব অৰ্পণ কৰি গুচি যাম। আৰু আমাৰ কাম তেতিয়াহে সফল হ’ব যেতিয়া এই দেশৰ জনসাধাৰণেও আমাক সমৰ্থন কৰিব।”