GMCHত নৱজাতকৰ মৃত্যুৰ পৰা ইণ্ডিয়া ব্লকৰ প্ৰতিবাদলৈ দিনটোৰ শীৰ্ষ খবৰ
সোমবাৰে দিনটোত ৰাজ্যৰ ৰাজনীতিৰ পৰা বিশ্বৰ ৰাজনীতিলৈ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ।
জি এম চি এইছত ভয়ংকৰ কাণ্ড। বিচনাৰ পৰা পৰি মৃত্যু এটি নৱজাতৰ। সোমবাৰে পুৱা NICU ত ভৰ্তি হৈ থকা নৱজাতকটি বিচনাৰ পৰা পৰি যোৱাত মৃত্যু ঘটে। এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে কৰ্তৃপক্ষই।
বকোত শোকাৱাহ ঘটনা। সোমবাৰে পুৱাতেই বামুনীগাঁও ৰে’ল ষ্টেচনৰ সমীপত গুৱাহাটী অভিমুখী পুৰী এক্সপ্ৰেছে মহতিয়াই নিয়ে তিনিগৰাকী মহিলাক। প্ৰাতঃভ্ৰমণৰ সময়তে ৰেলৰ খুন্দাত মৃত্যু হয় তিনিওগৰাকী মহিলাৰ। মৃত মহিলা তিনিগৰাকী ক্ৰমে উত্তৰা দাস, ৰুমী দাস আৰু কৰবা মালি।
চাওঁক দিনটোৰ শীৰ্ষ খবৰ…