অসমৰ পৰা কংগ্ৰেছক কটাক্ষ মোদীৰ, ক’লে, মই শিৱৰ ভক্ত,সকলো বিহ পান কৰি লওঁ…

Sep 14, 2025 | 6:47 PM

আজি অসমত মোদীৰ দ্বিতীয় দিন। এই সময়চোৱাত তেওঁ কংগ্ৰেছক বহু কটাক্ষ কৰে। লগতে কয় যে, তেওঁ শিৱৰ ভক্ত, গতিকে সকলো বিহ পান কৰি লয়।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ দ্বিতীয় দিনা আজি মোদীয়ে দৰঙত বিশাল জনসভা সম্বোধন কৰে। এই সময়চোৱাত তেওঁ ৬০০০ ৰো অধিক কোটি টকা প্ৰকল্পৰ শিলান্যাস কৰে। পাছত এক বিশাল জনসভা সম্বোধন কৰি মোদীয়ে বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰে।

মোদীয়ে এই সময়চোৱাত কংগ্ৰেছকো কটাক্ষ কৰে। তেওঁ কয় যে, কংগ্ৰেছৰ সভাপতিয়ে ড০ ভূপেন হাজৰিকাৰ বিৰুদ্ধে অসন্তুষ্টিজনক মন্তব্য কৰিছিল। ইয়াৰ লগতে কয়,  মোৰ বিৰুদ্ধে বহু সময়ত বহু কথা কয়। কিন্তু মই শিৱৰ ভক্ত, মই সকলো বিহ পান কৰি লওঁ। কিন্তু আনক অপমান কৰিলে সেয়া সহ্য নহয়। মোদীয়ে কয় যে, কংগ্ৰেছৰ পূৰ্বপুৰুষসকলৰ দৰে বৰ্তমানৰ প্ৰজন্মইও এনে ধৰণৰ অপমান কৰি আহিছে।

এই সময়চোৱাত মোদীয়ে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰসংগও উল্লেখ কৰে। তেওঁ কয় যে, সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দিয়া দুখ উত্তৰ-পূবে আজিলে পাহৰিব পৰা নাই।